আসাম জাষ্টিচৰ বিষয়ে/About Us
আসাম জাষ্টিচ হৈছে এখন মঞ্চ য’ত সাধাৰণ ৰাইজে নিজৰ অঞ্চলৰ বিভিন্ন অসুবিধাবোৰ বিৰোধী দলপতি শ্ৰীযুত দেৱব্ৰত শইকীয়াৰ জৰিয়তে বিভাগীয় মন্ত্ৰী বা কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাব পাৰিব। এই মঞ্চখনৰ উদ্দেশ্য হৈছে শাসন তন্ত্ৰই সমাধান কৰিবলৈ অনিচ্ছা কৰা বা পেলাই থৈ দিয়া বিভিন্ন সমস্যাবোৰৰ সমাধান নিশ্চিত কৰা। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আজি দুৰ্বল হৈ পৰিছে আৰু ৰাইজৰ সমস্যাবোৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় স্তৰত উত্থাপন কৰিব পৰা নাই। সেয়েহে আজিৰ অসমত আসাম জাষ্টিচৰ দৰে মঞ্চৰ প্ৰয়োজনীয়তা বাঢ়িছে, যাৰ জৰিয়তে সাধাৰণ ৰাইজে তেওঁলোকৰ সমস্যাবোৰ ঊর্ধ্বতন কর্তৃপক্ষক জনাব পাৰে আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধান দাবী কৰিব পাৰে।
আসাম জাষ্টিচৰ লক্ষ্য/ Vision
আসাম জাষ্টিচৰ লক্ষ্য হৈছে এখন সুস্থ, নিকা, সচ্ছল আৰু বহনক্ষম অসম গঢ়া। এই লক্ষ্যত উপনীত হ’বলৈ আমি প্ৰথমে জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাসমূহ, যেনে- খাদ্য, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য, শিক্ষা, প্ৰাথমিক আন্তঃগাঁথনি ইত্যাদিৰ লগত জড়িত সমস্যাবোৰৰ সমাধান লাভ কৰিব লাগিব। তাৰোপৰি, সমাজৰ একাংশ বিষয়ববীয়াক দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হৈ সাধাৰণ লোকক দুখ-যন্ত্ৰণা দিয়া দেখা পাওঁ। এনেবোৰ পৰিস্থিতিক লক্ষ্য কৰি আসাম জাষ্টিচৰ জৰিয়তে আমি তলত উল্লেখিত উদ্দেশ্যসমূহত উপনীত হ’বলৈ চেষ্টা কৰিম।
১/ ৰাইজৰ অভিযোগবোৰ যত্নেৰে বিচাৰ কৰি কেন্দ্ৰীয়ভাৱে পঞ্জীয়ন কৰা আৰু সমস্যাবোৰ বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰীৰ দৃষ্টিগোচৰ কৰোৱা।
২/ জনসাধাৰণৰ মৌলিক প্ৰয়োজনীয়তাসমূহ, যেনে- খাদ্য, বস্ত্ৰ, বাসস্থান, স্বাস্থ্য, শিক্ষা, প্ৰাথমিক আন্তঃগাঁথনি ইত্যাদিৰ লগত জড়িত সমস্যাবোৰ উত্থাপন কৰা আৰু দ্ৰুত সমাধানৰ দাবী কৰা।
৩/ ক্ষমতাৰ অপব্যৱহাৰ বা ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ তথা ভ্ৰষ্টাচাৰত লিপ্ত বিষয়াসকলক উন্মোচিত কৰি গণতন্ত্ৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাস পুনৰুদ্ধাৰ কৰা আৰু প্ৰশাসনিক ব্যৱস্থাৰ সকলো স্তৰত দায়বদ্ধতা নিশ্চিত কৰা।
৪/ ভয়-ভাবুকি, শোষণৰ ৰাজনীতিৰ বিৰুদ্ধে ন্যায় আৰু সংগ্ৰামৰ পথ গ্ৰহণ কৰা।
৫/ ৰাইজক শোষণ আৰু দুৰ্নীতিৰ বিৰুদ্ধে সজাগ কৰি অসমত গণতন্ত্ৰৰ শিপাক মজবুত কৰি তোলা।
আসাম জাষ্টিচৰ প্ৰয়োজনীয়তা/Purpose
আসাম জাষ্টিচৰ জৰিয়তে সাধাৰণ ৰাইজ আৰু কৰ্তৃপক্ষৰ মাজৰ ব্যৱধান হ্ৰাস কৰিবলৈ চেষ্টা কৰা যাব। আজি আমি দেখিছো যে বিভিন্ন চৰকাৰী আঁচনিৰ বাবে যোগ্য হিতাধিকাৰীৰ বিপৰীতে নিজৰ ন্যস্ত স্বাৰ্থ পূৰণ কৰিবলৈ অযোগ্য লোকক দিছে আৰু যোগ্য হিতাধিকাৰীসকলক কেৱল প্ৰ-পত্ৰ পূৰণ কৰাই আশাত বান্ধি ৰাখিছে। আজি সংবাদ মাধ্যমেও এই বিভিন্ন দিশবোৰ চালি-জাৰি ৰাইজৰ আগত কমকৈয়ে পৰিৱেশন কৰা দেখা যায়। গতিকে এনেকুৱা এটা সময়ত আসাম জাষ্টিচৰ দৰে এখন মঞ্চৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই মঞ্চখনৰ জৰিয়তে সাধাৰণ ৰাইজে তেওঁলোকৰ অভাৱ-অভিযোগবোৰ আমাক জনাব পাৰিব। উত্থাপিত অভিযোগবোৰ আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিম আৰু বিভাগীয় কৰ্তৃপক্ষক জনাম। সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাৰ পিছত এই অভিযোগবোৰ সমাধান কৰিবৰ বাবে তেওঁলোকে কিধৰণৰ ব্যৱস্থাপনা হাতত লয় তাক আমি মনোযোগেৰে নিৰীক্ষণ কৰিম আৰু অভিযোগকাৰীক বিভিন্ন সময়ত সেই বিষয়ে অৱগত কৰিম।
আসাম জাষ্টিচৰ বিষয়ে/