Assam Justice

#assamjustice

আপোনাৰ অসম, আপোনাৰ অধিকাৰ, আপোনাৰ ন্যায়।

মই জনসাধাৰণৰ বাবে যুঁজি আছো আৰু যুঁজি যাম।

যদি চৰকাৰে আপোনাৰ কথা শুনা নাই, তেন্তে মই আপোনাৰ হৈ ক’ম।

প্ৰথম পৰ্যায়

আপোনাৰ ব্যক্তিগত বা আপোনাৰ অঞ্চলৰ যিকোনো সমস্যা সম্পৰ্কে অভিযোগ পঞ্জীয়ন কৰক।

দ্বিতীয় পৰ্যায়

আমি উত্থাপিত অভিযোগবোৰৰ সত্যাসত্য নিৰূপণ কৰিম আৰু সঁচা অভিযোগবোৰ বিভাগীয় কৰ্তৃপক্ষলৈ তৎকালীনভাৱে পঠোৱাৰ ব্যৱস্থা কৰিম।

তৃতীয় পৰ্যায়

কৰ্তৃপক্ষলৈ পঠোৱা অভিযোগবোৰৰ সমাধান কৰিবলৈ কি ব্যৱস্থা লোৱা হৈছে তাৰ খবৰ আমি সময়ে সময়ে লৈ থাকিম আৰু আপোনাক জনাম। আপোনাৰ সমস্যা যদি বৰ্তমানৰ চৰকাৰে নকৰে, তেন্তে ২০২৬ চনত আমাৰ চৰকাৰৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত সেইবোৰ সমাধান কৰা হ’ব।

আমাৰ মনৰ কথা

২০২৫ চনত আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী কংগ্ৰেছ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ ১০০ বছৰ সম্পূৰ্ণ হৈছে। তাৰোপৰি এই বছৰটো চৰ্দাৰ বল্লৱভাই পেটেলৰ ১৫০ সংখ্যক জন্মবাৰ্ষিকী। এনে এক পৱিত্ৰ সন্ধিক্ষণত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠক গুজৰাটৰ আহমেদাবাদত ২০২৫ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হৈছিল। দুয়োজনাৰ মহীয়ান আদৰ্শক সাৰোগত কৰি বৈঠকখনত কংগ্ৰেছে ন্যায়-পথেৰে আগুৱাই সমাজৰ উন্নয়ন সাধিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছে আৰু বৰ্তমানৰ শাসক তন্ত্ৰটোৰ বিৰুদ্ধে টঙালি বান্ধি শোষণ ব্যৱস্থাৰ অৱসান ঘটাবলৈ কিছুমান পৰিকল্পনা হাতত লৈছে। দেশ যিসময়ত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক মন্দাৱস্থা, কৃষকৰ শোষণ, দুৰ্নীতি ইত্যাদিৰ মাজেৰে পাৰ হৈ আছে, সেই সময়ত ভুৱা ৰাষ্ট্ৰবাদী দল বিজেপিয়ে কেৱল নিজৰ গাদী ৰক্ষা কৰাৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি, ধৰ্মৰ ভিত্তিত সমাজ বিভাজন, বুলড’জাৰৰ ভয় দেখুৱাই মানুহক মৌন কৰি ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত হৈছে। ইংৰাজৰ “ডিভাইড এণ্ড ৰুল” নীতিৰ নিচিনাকৈ ধৰ্মৰ ভিত্তিত সমাজত বিভাজন আনি বিজেপিয়ে ক্ষমতাত থকাৰ সপোন দেখিছে। তেওঁলোকৰ মূলমন্ত্ৰই হৈছে “দেশত হিংসা বিয়পোৱা আৰু গাদী ৰক্ষা কৰা”। তেওঁলোকৰ আঁচনিত হাত উজান দিছে পুঁজিপতিৰ মালিকানাধীন ‘গোডী মিডিয়া’। শোষিত-নিষ্পেষিত জনতাৰ বাকী থকা তেজো এই দুষ্টচক্ৰই আজি শুহি শুহি শেষ কৰিছে। বিজেপিয়ে নিজকে গোডী মিডিয়াৰ সহায় লৈ অপৰাজেয় হিচাপে তুলি ধৰিবলৈ চেষ্টা কৰিছে।  

কিন্তু ২০২৪ ৰ লোকসভা নিৰ্বাচনত ভাৰতৰ ৰাইজে তেওঁলোকৰ সেই ভুল ভাঙি দেখুৱালে। যি বিজেপি ৪০০তকৈ ওপৰত লোকসভা সমষ্টি জিকিব বুলি ৫৬ ইঞ্চিৰ বুকু ফিন্দাই আছিল, সেই বেলুন ৰাইজে ফুটাই দেখুৱাই দিলে। মহানায়ক মহাশক্তিৱান মোডী ডাঙৰীয়াই আজিও প্ৰেছ কনফাৰেন্স কৰিবলৈ অপাৰগ। তেওঁ ‘আম কেনেকৈ খায়’ জাতীয় সাক্ষাৎকাৰতহে বেছি আগ্ৰহী। লোকসভা নিৰ্বাচনৰ ফলাফলেৰে ৰাইজে বিজেপি আৰু এই গোডী মিডিয়াক দেখুৱাই দিলে যে গণতন্ত্ৰত জনতাই ৰজা।

ন্যায়িকভাৱে যুঁজিব নোৱাৰিব জানি বিজেপিয়ে চিবিআই, ইডি, কেগ আদি বিৰোধীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। তেওঁলোকক যিয়ে দুৰ্নীতি কৰাত বাধা দিছে, তাকেই জে’লত ভৰাইছে, নহ’লে কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি বিপৰ্যস্ত কৰিছে। আজিৰ বিজেপিক দল নুবুলি এটা ৱাশ্বিং মেচিন বুলি কোৱাতোহে যুগুত হ’ব। এফালেৰে দুৰ্নীতিগ্ৰস্ত মানুহ সোমাইছে, আৰু আনফালেৰে হোৱাইট ৱাশ্ব হৈ ওলাই আহিছে।

শিক্ষাখণ্ডৰ কথাই যদি কওঁ, বিজেপিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ কেৱল হেতালি খেলিছে। তেওঁলোকৰ শিক্ষাত ছলে-বলে-কৌশলেৰে নিজৰ এজেণ্ডা সোমাবলৈ আপ্ৰাণ চেষ্টা চলাইছে যাতে তেওঁলোকে নতুন প্ৰজন্মক পুতলাৰ দৰে ব্যৱহাৰ কৰিব পাৰে। চৰকাৰ এখন কিমান নীচ হ’লে কণ কণ ল’ৰা-ছোৱালীৰ সৈতে খেলিব পাৰে, সেয়া কল্পনা কৰক। তাৰোপৰি শিক্ষিত যুৱপ্ৰজন্মৰ বিকাশ কৰিব বিচৰা চৰকাৰে আজিও ৩০ লাখ পদৰ ভৰ্তি কৰা নাই। ইয়াৰ বিপৰীতে ৰাজহুৱা সম্পত্তিক কি প্ৰকাৰে পুঁজিপতি গোষ্ঠীক পানীৰ দৰত বিক্ৰী কৰিব পাৰে, তাতহে দলটো সিদ্ধহস্ত হৈ উঠিছে। তদুপৰি ৰাইজে ইলেক্ট’ৰেল বণ্ড, পিএম কেয়াৰ ফাণ্ড আদিৰ কথাও নিশ্চয় পাহৰা নাই।   

অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংবিধানপ্ৰদত্ত যি সংৰক্ষণ ব্যৱস্থা, তাকো বিজেপিয়ে আক্ৰমণ কৰিবলৈ এৰা নাই। চৰ্দাৰ বল্লৱভাই পেটেলে কৈছিল, “কংগ্ৰেছ আৰু কংগ্ৰেছৰ চৰকাৰ ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়াৰ বাবে বদ্ধপৰিকৰ”। আমিও চৰ্দাৰ পেটেলৰ সেই সপোনক সাকাৰ কৰিবলৈ প্ৰস্তুত। ভাৰতৰ যি “বসুধৈৱ কুটুম্বকম” সংস্কৃতি তাক কুঠাৰাঘাত কৰি বিজেপিয়ে দেশক ধৰ্মৰ ভিত্তিত বিভাজন কৰি এক যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। তাৰবাবে তেওঁলোকে ইতিহাসক বিকৃতকৰণ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই।

কিন্তু আৰু কিমান দিন? চৰ্দাৰ বল্লৱভাই পেটেলে কৈছিল, “যেতিয়া ৰাইজ একজোঁট হয়, তেতিয়া তাৰ সন্মুখত আটাইতকৈ অত্যাচাৰী শাসকো টিকিব নোৱাৰে”। বিজেপিয়ে যিধৰণে আমাৰ সংবিধানক আক্ৰমণ কৰিছে, সেয়াই আমাৰ পৰিৱেশক বিষবাষ্পৰে কলুষিত কৰি তুলিছে। কংগ্ৰেছ এই ভয়-ভাবুকি, হিংসাৰ ৰাজনীতিৰ বিৰুদ্ধে ন্যায় আৰু সংগ্ৰামৰ পথ ল’বলৈ বদ্ধপৰিকৰ।     

আমাৰ ৰাষ্ট্ৰবাদৰ উদ্দেশ্য হৈছে দেশৰ তথা অসমৰ জনতাক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে সবল কৰি তোলা। এই যাত্ৰাত আমাক সহযোগ কৰক। আমি বিচাৰো শোষিত-নিষ্পেষিত খেতিয়ক, মহিলা, ক্ষুদ্ৰ ব্যৱসায়ী, মধ্যবিত্ত শ্ৰেণীৰ হাতত ধৰি তেওঁলোকক সাহস দিবলৈ আৰু একেলগে উন্নয়নৰ দিশে আগুৱাবলৈ। আমি বিচাৰো এখন সুস্থ সমাজ গঢ়িবলৈ, য’ত আপোনাৰ-আমাৰ ল’ৰা-ছোৱালী আগবাঢ়িব পাৰে। আমি বিচাৰো এখন সমাজ য’ত যুৱ প্ৰজন্মই নিজৰ মাক-দেউতাক পৰিয়ালক এৰি উপায়হীন হৈ ৰাজ্যৰ বাহিৰত কাম বিচাৰি যাব লগা নহয়। আহক হাতে-হাত ধৰি এই সমাজখন নিৰ্মাণ কৰো।

“যেতিয়া ৰাইজ একজোঁট হয়, তেতিয়া তাৰ সন্মুখত আটাইতকৈ অত্যাচাৰী শাসকো টিকিব নোৱাৰে।”

- চৰ্দাৰ বল্লৱভাই পেটেল

“যেতিয়া ৰাইজ একজোঁট হয়, তেতিয়া তাৰ সন্মুখত আটাইতকৈ অত্যাচাৰী শাসকো টিকিব নোৱাৰে।”

– চৰ্দাৰ বল্লৱভাই পেটেল

Scroll to Top